Tuesday, June 9, 2015

ৰাম গগৈৰ কবিতা পথাৰ

                   পথাৰ

শাওনৰ মেঘ মুক্ত নীলাকাশ ।
সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ…বিপুলসম্ভৱা !
নাঙলৰ সীৰলুত সোণফলা মাটিৰ কামনা
ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা ।

কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ
তুমি প্ৰাণময়, মোহময় জীৱন-মালিকা পথাৰ !
তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা
আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস
আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সুত্ৰ ।

মৃতম্লান কৃষকৰ সাধনা কঠোৰ
নিৰন্ন, বিমৰ্ষ আৰু ক্লান্ত, শ্ৰান্ত সন্ধিয়াত
দু:চিন্তা দু:সহ হৈ পৰে । মহাজনী অৰ্থনীতি: দৈনন্দিন
লাভ আৰু ক্ষতিৰ গণনা ।
পাৰ ভাঙি পানী আহে ।
সোঁতৰ ছেৱে ছেৱে বাঢ়ে, নাচে আৰু হাঁহে ।

ক্ৰুৰ স্পৰ্শ: ফেনিল উত্তাল তৰঙ্গৰাজি,
বুকুৰ সেউজীয়া সপোনটোকে কাঢ়ি লৈ যায়,
বাধা নাই, অবাধে আহিল আৰু গ’ল । তেতিয়া
মই কান্দো, সি আৰু পথাৰেও ইনাই-বিনাই কান্দে ।

বিচিত্ৰ অভিব্যক্তি । সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কন্ঠ
বিননিত বিদ্ৰোহৰ জাগৰণ আহে । অভ্যুদয় প্ৰভাতী চেতনা ।
অগ্নিদীক্ষা – দ্ৰুত অভিযান, অবিৰাম! অধিকাৰ
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজৰঙা ইতিহাস
লিখা হয় । পৰিবৰ্তন  আৰু
হাল কোৰ-দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক-উদ্বাস্তু, মহাজন, পুঁজিপতি, সমস্ত শোষক:
বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে ।

সেউজীয়া প্ৰাণৰ পথাৰ
সোনালী ৰূপালী হয়, বাকৰীত সোণগুটি লাগে, নতুন আৰু নতুন…

হে পথাৰ !
হে সৃষ্টিসম্ভৱা বিপুল পথাৰ
তোমাক নমস্কাৰ !

2 comments: