নিয়ৰ
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি
ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গ’ল মণি
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এইকণি
ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থৈছে সানি
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী
নিয়ৰ কলিৰে শোভে ফুলজুপি
চাইছো ভাবতে ভাঁহি
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি
অজেয়
হে নিয়তি! তই যদিও দুখৰ
পিহনি শিলত থ’ই,
ভাঙিলি মোৰ জীৱন শস্য
চূৰ্ণ বিচূৰ্ণকই।
বাৰু চাবি মোৰ চকুলোৰে তাকে
সানি পুটকি ল’ই,
বান্ধিম আশাৰ পিঠা-পনা-লাৰু
ভুঞ্জি নিচুকিব অ’ই।
সহস্র হৃদয় যালৈ নেমেলে
পথাৰৰ শস্যয়ো থোক,
তিতিকি কেঁতুৰি বন খাৰধিও
মিলক বা নিমিলক।
হে নিয়তি! তই যদিও দুখৰ
জ্বলন্ত কুণ্ডত ফুটন্ত জীৱন মোৰ,
ভসম কৰিলি ধূলি উৰুৱালি
গচকি পেলালি ওৰ।
চা, হেৰ’ চা
চাওঁতে চাওঁতে উপচি পৰিল
ফুলে পাতে মোৰ কুঞ্জলতা,
স্নিগ্দ্ধ প্রেমৰ জীৱন দায়িনী
শাখা প্রশাখা যুতা।
সহস্র হৃদয় জিৰাব ইয়াতে
ফুলিব মৰুৰ মাজে,
য’ত নাছিল একোৱেই কঠুৱা কালৰ
কাঁইট কলিত বাজে।
No comments:
Post a Comment