Monday, June 8, 2015

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা "কি লৱনু দিলা মোক"


কি লৱনু দিলা মোক

তোমাৰ পুলক পৰশ লাগি
ফুলিল যি মোৰ ফুল, হে প্ৰিয় !
ফুলিল যি মোৰ ফুল,
তাৰ গোন্ধত জীৱন মৰণ
বিভোৰ বিয়াকুল, হে প্ৰিয় !
বিভোৰ বিয়াকুল!

মোৰ দিন খেনবোৰ মন্থন কৰি
কি লৱণু দিলা মোক, হে প্ৰিয় !
কি লৱণু দিলা মোক ?
তাৰ বাবে আজি হাবাথুৰি খাই
ক্ষিপ্ত লোক আলোক, হে প্ৰিয় !
ক্ষিপ্ত লোক আলোক ।

CLICK HERE TO READ MORE POEMS

No comments:

Post a Comment