Tuesday, June 2, 2015

পাৰ্বতিপ্রসাদ বৰুৱাৰ কবিতা জোনাক

                জোনাক

জোনাক, জোনাক, শীতল জোনাক
     চাই মোৰ চকুলো সৰে ;
অন্তৰ মোৰ উগুল থুগুল,
     উদাস আকুল কৰে ।
          মনত পৰেহি কোনোবা পুৰণি
              জোনাকী বিৰহ বেথা ;
          মাধৈ – মালতী ফুলৰ আঁৰত
              গোপন মিলন – কথা ।
মনৰ মাজত সুখ – সোঁৱৰণী
     অতীত মধুৰ জাগে ;
বাহিৰত শুদা ৰূপালী জোনাক
     উৰুঙা উৰুঙা লাগে ।

No comments:

Post a Comment