এজন বন্ধুৰ উক্তি
অথনিয়েই অলপ ফটিকা খাইছিলোঁ
তাৰ ৰাগী এতিয়াও আছে।
হয়তো এইদৰে
গোটেই ৰাতিটো যাবগৈ।
এইদৰে কেতিয়াবা ফটিকা খাওঁ
আৰু, তাৰ ৰাগীয়ে মোক লৈ যায়
মনৰ সেই নিজান বনলৈ
য’ত
মই মোৰ স’তে কথা পাতোঁ
কেতিয়াও কাৰো স’তে নপতা কথা।
কি সুন্দৰ সেই ৰাতিবোৰ
তৰাই তৰাই নীল আকাশখনত
কথাৰ আখৈ ফুটে
ফুটেৰাতিৰ নিটোল শৰীৰ
মোৰ প্ৰাণৰ নদীয়ে ধুৱাই দিয়ে
শীতল সুললিত জলেৰে।
No comments:
Post a Comment