Tuesday, June 9, 2015

Hiruda's poem প্ৰেমৰ কবিতা



প্ৰেমৰ কবিতা
মোৰ বুকুত কি জ্বলে!
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে!
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰূৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে বাহিৰে।
সম্ভৱত: তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে।
OR

No comments:

Post a Comment