লগন উকলি গ'ল
তেও যে নহ'ল কোৱা,
মনৰ কথাটি মোৰ
হিয়াতে গুপুতে থোৱা।
কিমান হেঙুলী ঊষা
কিমান জোনালী নিশা
মিছাতেই গ'ল মোৰ
কিমান গধূলী পুৱা।
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিল সুৰে সুৰে
হিয়ায়ো গান জুৰে।
শুনিছানে সেই সুৰ
পৰাণ উতলা মোৰ
হৃদয়ৰ গোৱা গান,
'ভালপোৱা ভালপোৱা'।।
Writer-Brishnu Prasad Rava
CLICK HERE TO READ MORE ASSAMESE SONGS LYRICS
Song collected by Suruj Senchowa
No comments:
Post a Comment