অভিজ্ঞান
এদিন ৰাতি মই ঘৰৰ সমুখত বহি আছিলো।
মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ
চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত
ক্ষত-বিক্ষত।
হঠাৎ ক’ৰবাৰ পৰা এজাক বতাহ আহি
উদ্বাস্তু মনৰ কোঠালি মোৰ তোলপাৰ কৰি দিলে।
কঁৱলিয়ে স্তিমিত কৰা আকাশত এটি দুটি কৰি
জ্বলমলাই উঠিল এজাক ৰূপালী চৰাই।
জাঁৰত কঁপি থকা সিহঁতৰ ডেউকাত
পোহৰৰ কি যে অদ্ভুত স্পন্দন!
মই সেইদিনা অনুভৱ কৰিছিলো
এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ-সূৰ্যৰ উত্তাপ
আৰু শুকান ডালে ডালে বৈ অহা
দু:সাহসিক পাতৰ প্ৰত্যয়-দীপ্ত সেউজীয়া তৰংগ।
No comments:
Post a Comment