সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ'
পূজাৰী অ', সুন্দৰ পূজাৰী
সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী অ'।।
যাউতি যুগীয়া বৰগীত অমিয়া
বনগীত সুৰীয়া, বনগীত সুৰীয়া
গোৱা অসমীয়া প্ৰাণ-মন ভৰি
পূজাৰী অ',...................................।।
থাপনা থাপিলি প্ৰতিমা বহালি
পূজাও কৰিলি মুক্তি মূৰতি গঢ়ি
অ' পূজাৰী, পূজাৰী অ'
পূজাৰী অ', সুন্দৰ. . . . . . . . . .।।
শঙ্খ বজোৱা, বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি
পূজাৰী অ', সুন্দৰ . . . . . . . .।।
কথা-সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা
No comments:
Post a Comment