"বিলতে হালিছে ধুনিয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল।।
গছৰে ডালতে গাইছে কুলিয়ে
কু-উ কু-উ কৈ
দূৰ-দূৰণিতে জুৰিটি নাচিছে
ঝিৰ-ঝিৰ-ঝিৰ-ঝিৰকৈ
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰৈ।।
কথা সুৰ - বিষ্ণুপ্ৰসাদ ৰাভা
No comments:
Post a Comment