আজলী ছোৱালী নানা ফুল তুলি
আনিলো আঁচল ভৰাই।
সজাই ফুলেৰে অতি যতনেৰে
বৰালো বৰণ শৰাই
ৰঙিলী পখিলী ৰঙা পাখি মেলি
আদৰি নাচি নাচি যায়।
কলী কুলি জাকে বিৰিখে বিৰিখে
উলাহত সুহুৰিয়ায়।।
তোমাকে আদৰি আনে ঐ সদৰি
শত ভকতৰে দল।
শঙ্খ বাজিছে বৰকাঁহ ধ্বনিছে
ববববউঠিছে উৰুলিৰ ৰোল।।
কথা সুৰ- বিষ্ণুপ্ৰসাদ ৰাভা
No comments:
Post a Comment