Monday, June 15, 2015

"মানৱ-বন্দনা" কবি-চন্দ্ৰকুমাৰ আগৰৱালা

          মানৱ-বন্দনা

আহিছে মানুহ     গইছে মানুহ
     মানুহ মায়াপী জীৱ;
মানুহ সোঁতৰ     অন্ত নাইকীয়া
     বুলিলে মৰত কিয়?

মানৱী জনম     দিয়া উটুৱাই
     মানৱী কৰম সোঁতে;
মানুহৰ মৰম     বুজিবা মানুহে
     ধৰম যে মৰমতে ।

মানুহেই লগ     মানুহেই সঙ্গ
     মানুহেই পৰাৎপৰ;
এই যে পৃথিৱী     স্বগৰ্তো অধিক
     মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ     মানুহেই সেৱ
     মানুহ বিনে নাই কেৱ;
কঁৰা কঁৰা পূজা     পাদ্য-অৰ্ঘ্য লৈ
     জয় জয় মানৱ-দেৱ।

CLICK HERE TO READ MORE POEMS

OR

CLICK HERE TO LIKE US ON FACEBOOK

No comments:

Post a Comment