Saturday, June 6, 2015

Hiruda's poem প্ৰস্তাৱনা

প্ৰস্তাৱনা

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা
কেতিয়াবা ভাবোঁ, খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত। মোৰ
তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা।

যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজিউঠে অস্ত্ৰৰ
অনিবাৰ্য ঝনঝননি। সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি। সমুখৰ
শোভাযাত্ৰাৰ যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহিদৰ দেহা।

মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা।

No comments:

Post a Comment