আশ্ৰয়
এদিন ৰাতি মই এখন নতুন দেশলৈ গৈছিলোঁ
সেই দেশৰ হৃদয় জুৰি আছিল তাৰকাখচিত
উজ্জ্বল নীলা এখন পতাকা
সাগৰৰ বতাহ আহি পতাকাখনত ঢৌ তুলিছিল
প্ৰেমৰ কোমল ঢৌ। অন্ধকাৰে ঢাকি থোৱা
অৰণ্যৰ মাজৰ পৰা উৰি আহিছিল
গৰখীয়া ল’ৰাৰ পেঁপাৰ সুৰৰ দৰে
এটি মুকলি সুৰ।
সেই সুৰ শুনি আহত পশুৰ দৰে
মই ল’ৰি পলাই আহিছিলো মোৰ দেশলৈ
বৃন্তৰ ফুলৰ দৰে মোৰ উভতি অহাৰ
বাটে বাটে নীলা পতাকাখনৰ উজ্জ্বল তৰাবোৰ
খহি পৰিছিল এটি এটি কৰি।
মোৰ দেশ, মোৰ স্বদেশ, মোৰ প্ৰেমৰ উন্মেষ
তোৰ সাতসৰী যেন সাতোখন নদী
প্ৰেমৰ কি যে গভীৰ সহানুভূতি
তাক মই কিদৰে পাহৰিম?
No comments:
Post a Comment