Tuesday, June 9, 2015

ৰঘুনাথ চৌধাৰীৰ কবিতা অন্তিম জ্যোতি

        অন্তিম জ্যোতি

মৰম ভিখাৰী মই বিশ্ব ভাণ্ডাৰত
খুজিছিলো অন্তৰৰ দান
গৰল উদ্ভৱ হ’ল সিন্ধু মন্থনত
অমৃতৰ নাপালো সন্ধান

উদ্দাম বাসনা ল’ই স্বৰ্ণমৃগ খেদি
সংসাৰত ভ্রমিলো কিমান
দুৰ্জয় লালসা তেও নুগুছিল মোৰ
ব্যৰ্থ হ’ল লক্ষ্যভেদী বাণ

মৰ্মাহত ব্যথাহত দুৰ্বহ জীৱন
আছে মোৰ আৱৰ্তত ঘূৰি
স্পন্দনত তন্দ্রাতুৰ দুৰ্বল চিত্তৰ
জড়তাই নিছে সংজ্ঞা হৰি

ব্যথাৰ সহস্র জ্বালা ব্যৰ্থতাৰ গ্লানি
বুকু পোৰা তপত উচ্ছাস
কোনেবা গুচাব মোৰ কোনেবা শুনিব
আৰব্যৰ স্বপ্ন উপন্যাস

জীৱনৰ ধ্রুবতৰা মাৰ যাওঁ যাওঁ
অনন্তৰ অন্তিম বুকুত
পৰম আনন্দ ৰূপ ধ্ৰুৱ জ্যোতিকণা
নাপাম নে আৰু সি লোকত?

CLICK HERE TO READ MORE POEMS

2 comments: