Thursday, May 28, 2015

আজিৰ ভাল খবৰ May 29, 2015

১/চি বি এছ ইৰ ২০১৫ বৰ্ষৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ'ল। অসমৰ ৯৯.১৫ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ।

২/টিহুত নৰ্থ ইস্ট মেগা ফুড পাৰ্ক উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰ সিমৰত কৌৰ বাদলে। চাৰিখন জিলাত স্হাপন হ'ব শস্য
সংগ্ৰহ কেন্দ্ৰ।নগাঁও, কাজলগাঁও, ছয়গাওত হ'ব শীতলীকৰণ ভাণ্ডাৰ।

৩/বিশ্ব বেংকৰ অধ্যক্ষ জিম য়ং কিমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যোৱা এবছৰত দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰিছে।

৪/ছেনছেক্স: ২৭,৫০৭(-৫৭.৯৫ শতাংশ)
     নিফটি: ৮,৩১৯ (-১৫.৬০ শতাংশ)

৫/আজিৰে পৰা মাজুলিত উত্তৰ পূব যুৱ মহোৎসৱ আৰম্ভ হৈছে। আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মাজুলী গড়মূৰ আৰু কমলাবাৰীত অনুষ্ঠিত হ'ব।

৬/মুম্বাইস্হিত অসম সন্তান বিশ্বজিত বৰাৰ হিন্দী ছবি এইছা য়ে জাহা(the world it is) সম্প্ৰতি বিশ্বৰ কেইবাটাও আন্ত:ৰাস্ট্ৰীয় বঁটাৰে পুৰস্কিত হৈছে। ইণ্ডোনেছিয়াৰ এটি চলচিত্ৰ মহোৎসৱত"ইন্টাৰনেশ্যনেল এৱাৰ্ড অৱ এক্সেলেন্স ২০১৫ "বঁটা লাভ কৰে।

No comments:

Post a Comment