Saturday, May 30, 2015

Hiruda's poem তেজৰ আখৰেৰে

তেজৰ আখৰেৰে

‘ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে?’
শিলুৱা আন্ধাৰে মোক এইবুলি ক’লে।

কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ আন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে।

কবি মই নাছিলো কোনোকালে।

No comments:

Post a Comment