Saturday, May 30, 2015

Hiruda's poem আহিনৰ লেণ্ডস্কেপ

আহিনৰ লেণ্ডস্কেপ 

শেষ হৈ গ’ল
লুদ্ধ আকাশৰ হিংস্ৰ উত্সৱ
উখল মাখল পথাৰত
এতিয়া বলিছে সেউজীয়া ঢল

তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক’লে

ৰ’দালিৰ ভাঁজে ভাঁজে
অপাৰ বিস্ময়
আবেগত ভাঙি পৰে
শব্দৰ তন্ময়

No comments:

Post a Comment