Saturday, May 30, 2015

Hiruda's poem নাগৰিক

নাগৰিক

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ।
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন। তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিকহাওৰা হৃদয়ৰ আশ্ৰয়।

কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যাধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাব : আকাশ ইমান বহল!
দ-কৈ উশাহ লৈ ক’ব : বতাহ ইমান কোমল!!

পোহৰৰ এই স্বৰ্ণ-স্পৰ্শই উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয়। উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময়।

No comments:

Post a Comment