মোৰ দেশ (১৯৬২)
মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইৰচ-সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল |
দেশে-দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে
মইশ ঘূৰিছোঁ। বহু বন্ধুৰ স’তে হাতে-হাতে ধৰি ফুৰিছোঁ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ স’তে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।
এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অৰ্থ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ।
মোৰ দেশৰ বাবে মই জীয়াই আছোঁ। এই দেশৰ বাবে মই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত মই আছোঁ – মোৰ দেশৰ বাবে।
অনকৈৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মইই আছোঁ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ।
শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মইল বিশ্বাসেৰে
জিনিছোঁ। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |
আৰুতো মোৰ একো নাই!
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ…
No comments:
Post a Comment