লাঞ্ছিত সূৰ্য (১৯৭০)
ৰ’দ গৈ গৈ ঢলি পৰে সুৰ্য।
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য ।
মই কবি, সীমিত মোৰ সামৰ্থ্য
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ।
ৰ’দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য।
No comments:
Post a Comment