Saturday, May 30, 2015

Hiruda's poem সিৰাই সিৰাই (১৯৭০)

সিৰাই সিৰাই (১৯৭০)

কালি ৰাতি মেঘে গাজিছিল
মোৰ সিৰাই সিৰাই বিজুলী বেগেৰে
নামি আহিছিল শেষ বাৰিষাৰ মেঘ।
কালি ৰাতি মেঘে গাজিছিল
কাৰ কুমাৰী কেশৰ অগাধ এন্ধাৰে
ঢাকি ৰাখিছিল গোলাপ ৰঙৰ তেজ।

কালি গোটেই ৰাতি মেঘে গাজিছিল।
মোৰ সিৰাই সিৰাই শেষ বাৰিষাৰ মেঘ।

শোভাযাত্রাত নিহতজনৰ কবিতা (১৯৬৬)

এই জুইকুৰা ময়েই জ্বলালো।
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ।
সেয়ে জুইকুৰা ময়েই জ্বলালো।
দিনৰ পিছত দিন ৰাতিৰ শেহত
দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নাজানো আই! নিষ্ঠুৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা। তোমাৰ বাবে
আই, বহুবাৰ প্রিয়জনৰ বুকুৰ তেজ দিলো
এইবোৰ মোৰ মন্ত্রপূত শৰীৰ

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালো।

No comments:

Post a Comment