তুমি যদি আহিলাহেঁতেন!
১
ইচ্ছাৰ কোমল আঙুলিৰে
ৰক্তস্ৰাৱী হৃদয়ৰ
ছিঙা তাঁৰবোৰ জোৰাবলৈ
তুমি যদি
আহিলাহেঁতেন
ঘৰমুৱা চৰাইজাকৰ স’তে
থোৰ মেলা ধানৰ বুকুৰে!
নৈ হৈ বৈ অহা আবেলিৰ
সোণোৱালী ৰ’দৰ দৰে?
তুমি আহিলে
আহোঁ বোলা আহিন আগেয়ে আহে।
মোৰ তেজৰ গালিচা গলে
তোমাৰ খোজৰ পদুম পাহে পাহে।
২
তুমি যদি
আহিলাহেঁতেন
ৰ’দৰ সোণোৱালী কোঁহে কোঁহে!
No comments:
Post a Comment