Sunday, May 31, 2015

আজিৰ ভাল খবৰ , JUNE 1, 2015

১/কাইলৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ'ব

অহা ২ জুনৰ দিনৰ ১০ বজাত ঘোষিত হ'ব উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফল। ফলাফল লাভৰ বাবে তলৰ ৱে'বছাইটত চাব
  seba.assam.gov.in
sebaassam2015.com
sebaresults2015.com
hslcassa2015.in
resultassam.nic.in
www.indiaresults.com
www.knowyourresult.com

২/জুনৰ ভিতৰত শিৱসাগৰ জিলাৰ ১৪৭৬ জন দৰমহাৰ নোপোৱা শিক্ষকৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ।

৩/অচিৰেই ভাৰতলৈ ঘূৰি আহিব বাংলাদেশত দীৰ্ঘদিন ধৰি বন্দী হৈ থকা আলফা নেতা অনুপ চেতিয়া। এই কথা প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে।

৪/অজিৰে পৰা অৰুণাচলৰ পাছীঘাটৰ চেণ্ট্ৰেল চলং গ্ৰাউণ্ডত অসম সাহিত্য সভাৰ লুম্বেৰ দাইৰ জন্ম-জয়ন্তী উদযাপন। এইবাৰ দিলিপ বৰাক প্ৰদান কৰিব লুম্বেৰ দাইৰ সাহিত্য বঁটা-২০১৫

৫/দেশৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ সন্ব্ঞালক ৰূপে প্ৰমোদ কুমাৰ শৰ্মাক দয়িত্ব লাভ।

৬/ ৮০০ বছৰত প্ৰথমবাৰৰ বাবে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত মহিলাৰ নিযুক্তি।
তেঁও হ'ল এণ্ড্ৰু হেমিল্টন।

Saturday, May 30, 2015

Hiruda's poem আহিনৰ লেণ্ডস্কেপ

আহিনৰ লেণ্ডস্কেপ 

শেষ হৈ গ’ল
লুদ্ধ আকাশৰ হিংস্ৰ উত্সৱ
উখল মাখল পথাৰত
এতিয়া বলিছে সেউজীয়া ঢল

তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক’লে

ৰ’দালিৰ ভাঁজে ভাঁজে
অপাৰ বিস্ময়
আবেগত ভাঙি পৰে
শব্দৰ তন্ময়

Hiruda's poem নাগৰিক

নাগৰিক

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ।
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন। তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিকহাওৰা হৃদয়ৰ আশ্ৰয়।

কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যাধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাব : আকাশ ইমান বহল!
দ-কৈ উশাহ লৈ ক’ব : বতাহ ইমান কোমল!!

পোহৰৰ এই স্বৰ্ণ-স্পৰ্শই উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয়। উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময়।

Hiruda's poem তুমি যদি আহিলাহেঁতেন!

তুমি যদি আহিলাহেঁতেন!


ইচ্ছাৰ কোমল আঙুলিৰে
ৰক্তস্ৰাৱী হৃদয়ৰ
ছিঙা তাঁৰবোৰ জোৰাবলৈ
তুমি যদি
আহিলাহেঁতেন
ঘৰমুৱা চৰাইজাকৰ স’তে
থোৰ মেলা ধানৰ বুকুৰে!

নৈ হৈ বৈ অহা আবেলিৰ
সোণোৱালী ৰ’দৰ দৰে?

তুমি আহিলে
আহোঁ বোলা আহিন আগেয়ে আহে।
মোৰ তেজৰ গালিচা গলে
তোমাৰ খোজৰ পদুম পাহে পাহে।


তুমি যদি
আহিলাহেঁতেন
ৰ’দৰ সোণোৱালী কোঁহে কোঁহে!

Hiruda's poem তেজৰ আখৰেৰে

তেজৰ আখৰেৰে

‘ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে?’
শিলুৱা আন্ধাৰে মোক এইবুলি ক’লে।

কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ আন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে।

কবি মই নাছিলো কোনোকালে।

Hiruda's poem ভোগালি

ভোগালি 

তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই।

প্রেম নিশ্চই এনেকুৱাই।
আৱৰণ খুলি হৃদয় জুৰায়।

Hiruda's poem সিৰাই সিৰাই (১৯৭০)

সিৰাই সিৰাই (১৯৭০)

কালি ৰাতি মেঘে গাজিছিল
মোৰ সিৰাই সিৰাই বিজুলী বেগেৰে
নামি আহিছিল শেষ বাৰিষাৰ মেঘ।
কালি ৰাতি মেঘে গাজিছিল
কাৰ কুমাৰী কেশৰ অগাধ এন্ধাৰে
ঢাকি ৰাখিছিল গোলাপ ৰঙৰ তেজ।

কালি গোটেই ৰাতি মেঘে গাজিছিল।
মোৰ সিৰাই সিৰাই শেষ বাৰিষাৰ মেঘ।

শোভাযাত্রাত নিহতজনৰ কবিতা (১৯৬৬)

এই জুইকুৰা ময়েই জ্বলালো।
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ।
সেয়ে জুইকুৰা ময়েই জ্বলালো।
দিনৰ পিছত দিন ৰাতিৰ শেহত
দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নাজানো আই! নিষ্ঠুৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা। তোমাৰ বাবে
আই, বহুবাৰ প্রিয়জনৰ বুকুৰ তেজ দিলো
এইবোৰ মোৰ মন্ত্রপূত শৰীৰ

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালো।

Hiruda's poem মোৰ দেশ (১৯৬২)


মোৰ দেশ (১৯৬২)

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইৰচ-সোণোৱালী ভৱিষ্যতৰ সপোন।  মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল |

দেশে-দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে
মইশ ঘূৰিছোঁ।  বহু বন্ধুৰ স’তে হাতে-হাতে ধৰি ফুৰিছোঁ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ স’তে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ।  তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ।  যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অৰ্থ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ।

মোৰ দেশৰ বাবে মই  জীয়াই আছোঁ। এই দেশৰ বাবে মই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত মই আছোঁ – মোৰ দেশৰ বাবে।
অনকৈৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মইই আছোঁ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই  শুনিছোঁ।
শত্ৰু-মিত্ৰ সকলোকে মই  চিনিছোঁ। সিহঁতৰ অন্তৰ মইল বিশ্বাসেৰে
জিনিছোঁ।  শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |

আৰুতো মোৰ একো নাই!
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ…

Hiruda's poem লাঞ্ছিত সূৰ্য (১৯৭০)

লাঞ্ছিত সূৰ্য (১৯৭০)

ৰ’দ গৈ গৈ ঢলি পৰে সুৰ্য।
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য ।

মই কবি, সীমিত মোৰ সামৰ্থ্য
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ।

ৰ’দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য।

Hiruda's poem ৰৌদ্ৰ-কামনা  (১৯৫৭)

ৰৌদ্ৰ-কামনা 

উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি|

অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি।

Friday, May 29, 2015

Click the following link to get Assam Higher Secondary 2015 Result

Click the following link to get  Assam Higher Secondary 2015 Result..

Hunpahi

অজিৰ ভাল খবৰ ,MAY 30, 2015

১/ছাফ গেমছ: অসমত অনুষ্ঠীত হ'ব ছাফ গেমছ। ৰাইজৰ ব্যাপক প্ৰতিবাদত সেও মানি অৱশেষত চৰকাৰে ছাফ গেমছ অনুষ্ঠীত কৰিবলৈ সন্মতি দিলে।

২/যুৱ মহোৎসৱ: পৰ্যটন খণ্ডলৈ ১৫ কোটি টকাৰ সাহায্য প্ৰদান। কালি গড়মূৰৰ মাজুলী মিনি ষ্টেডিয়ামত দুপৰীয়া বাৰ বজাত শুভাৰম্ভ হয়।

৩/অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ: আজি উদ্বোধনী মেচত
মৰাণ টাউন ক্লাব  Vs  বাৰেকুৰি এফ চি
অজি বিয়লি ৩ বজাত মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰতিযোগিতাখন উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ উপায়ুক্তই। অনুষ্ঠানত মৰাণ টাউন ক্লাবৰ ব্ৰেণ্ড এম্বেেছডৰ মানস ৰবীনে টাউন ক্লাবৰ 'থীম ছংটো' উন্মোচন কৰিব।

Thursday, May 28, 2015

আজিৰ ভাল খবৰ May 29, 2015

১/চি বি এছ ইৰ ২০১৫ বৰ্ষৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ'ল। অসমৰ ৯৯.১৫ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ।

২/টিহুত নৰ্থ ইস্ট মেগা ফুড পাৰ্ক উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰ সিমৰত কৌৰ বাদলে। চাৰিখন জিলাত স্হাপন হ'ব শস্য
সংগ্ৰহ কেন্দ্ৰ।নগাঁও, কাজলগাঁও, ছয়গাওত হ'ব শীতলীকৰণ ভাণ্ডাৰ।

৩/বিশ্ব বেংকৰ অধ্যক্ষ জিম য়ং কিমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যোৱা এবছৰত দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰিছে।

৪/ছেনছেক্স: ২৭,৫০৭(-৫৭.৯৫ শতাংশ)
     নিফটি: ৮,৩১৯ (-১৫.৬০ শতাংশ)

৫/আজিৰে পৰা মাজুলিত উত্তৰ পূব যুৱ মহোৎসৱ আৰম্ভ হৈছে। আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মাজুলী গড়মূৰ আৰু কমলাবাৰীত অনুষ্ঠিত হ'ব।

৬/মুম্বাইস্হিত অসম সন্তান বিশ্বজিত বৰাৰ হিন্দী ছবি এইছা য়ে জাহা(the world it is) সম্প্ৰতি বিশ্বৰ কেইবাটাও আন্ত:ৰাস্ট্ৰীয় বঁটাৰে পুৰস্কিত হৈছে। ইণ্ডোনেছিয়াৰ এটি চলচিত্ৰ মহোৎসৱত"ইন্টাৰনেশ্যনেল এৱাৰ্ড অৱ এক্সেলেন্স ২০১৫ "বঁটা লাভ কৰে।

Wednesday, May 27, 2015

Assamese songs lyrics( Shillongare gadhuli)

Singer : Dr. Bhupen Hazarika
Lyricist : Dr. Bhupen Hazarika

Shillongare gadhuli
Xapun sohorar marami saratar
Xoaroni Xonali
Shillongare gadhuli...

Rongin bojar par hoi goi
Xudakoi bhorire dubari gosoki goi
Xaru Xaru jir jiria nijorar parate
Hahi hahi tumiye moiye sidina
Poribaje khujisilu pisoli
Shillongare gadhuli...

Lahe lahe andhar hol
Duranir khashi gaon khan
Tumi aru moiye mili
Duiotei halu magan

Duti mon nijorar jaladhi hoi
Ukhakoi saralar banana dile burai
Jen uri uri uri uri phura
Jonaki paruai
Hahi hahi jokale ami henu
Uri phura duti mitha saratore sewali
Shillongare gadhuli....

Assamese songs lyrics ( Maanuhe Maanuhor baabe)

Singer : Dr. Bhupen Hazarika
Music Director : Dr. Bhupen Hazarika
Lyricist : Dr. Bhupen Hazarika

Maanuhe Maanuhor baabe..
Jodihe akonu nabhabe..
Okoni xohanubhutire.
Bhabibo kunenu kuwa? ....Xamaniya..

Maanuhe Maanuhor baabe..
Jodihe akonu nabhabe..
Okoni xohanubhutire.
Bhabibo kunenu kuwa?....Xamaniya..

Maanuhe Maanuhor baabe..

Maanuhe maanuhok besibo khuji..
Maanuhe maanuhok kinibo khuji.
Puroni itihaax duharile..
Bhool janu nohobo kuwa?

Maanuhe Maanuhor baabe..
Jodihe akonu nabhabe..
Okoni xohanubhutire.
Bhabibo kunenu kuwa? ..Xamaniya..

Maanuhe Maanuhor baabe..

Durbal maanuhe jodi..
Jiwonor kubal nodi
Paar hoi tumare xahot..
Tumi heruwabanu ki?

Durbal maanuhe jodi..
Jiwonor kubal nodi
Paar hoi tumare xahot..
Tumi heruwabanu ki?

Manuh jodihe nohoy maanuh..
Daanob kahaniu nohoy maanuh..
Jodi daanob kahaniba hoyei maanuh..
Laaj paabo kunenu kuwa?..Xamaniya..

Maanuhe Maanuhor baabe..
Jodihe akonu nabhabe..
Okoni xohanubhutire.
Bhabibo kunenu kuwa? ..Xamaniya..

Maanuhe Maanuhor baabe..
Jodihe akonu nabhabe..
Okoni xohanubhutire.
Bhabibo kunenu kuwa? ..Xamaniya..

Maanuhe Maanuhor baabe..

Assamese songs lyrics ( Axomi aai rupahi)

Singer : Dr. Bhupen Hazarika
Music Director : Dr. Bhupen Hazarika
Lyricist : Dr. Bhupen Hazarika

Axom(Asom) amar rupahi
Gunoru naai xexh..
Bharatore purba dixor xurya uthaa dexh

Axomi(Asomi) aai rupahi
Gunoru naai xexh..
Bharatore purba dixor xurya uthaa dexh

Gutei jiwon bisaarileu alekh diwax raati..
Axom dexhor dore napau imaan roxal maati
O siro binondiya tumar xeuji poribex..
Bharotore purba dixor xurya uthar dexh..

Bohaagote amaare aai mohura hoi ghure..
Bohaagote amaare aai mohura hoi ghure
Maghot xunor haatere lakhimi adore.
Xorot nixaai torare xojai aaire kexh.

Bharatore purba dixor xurya uthaa dexh..

Pahar bhoiyam eke kora ramdhanurei dore..
Tumar bhaxar morom bure milan xetu gorhe..
Lohityare bahal paarok pranipat karu..
Janma lalu iyatei iyate jen maru...
Paam kot ene madhur rupor xmabexh..

Bharotore purba dixor xurya uthar dexh..
Axomi(Asomi) aai rupahi Gunoru naai xexh..

Bharotore purba dixor xurya uthar dexh..
Axomi(Asomi) aai rupahi Gunoru naai xexh..

Click here to read more assamese song lyrics

Assamese songs lyrics (Bristirna paarore)

Singer : Dr. Bhupen Hazarika
Music Director : Dr. Bhupen Hazarika
Lyricist : Dr. Bhupen Hazarika

Bistirna paarore
Axonkhya jonre
Hahakar xuniu
Nixobde nirobe
Burha luit tumi
Burha luit buwa kiyo?

Noitikotar skhalan dekhiu
Manabotar patan dekhiu
Nirlajja alax bhawe buwa kiyo?

Gyanbiheen nirakkhyaror
Khaadyabiheen nagorikar
Netribiheenotat nimaat kiyo?

Xohossro baarixar unmaadonar
Abhigyotare pongu manabok
Xabal xongrami aaru agragami kori nutula kiyo?

Byakti jodi byaktikendrik
Xamasti jodi byaktitwarohit
Tene xithil xomaajok nabhanga kiyo?

Tumiye jodi brahmare putra
Xei pitritwa tene naam matra
Nohole prerana nidiya kiyo?

Unmatta dhoraare
Kurukhetrare xoroxajyaake
alingan kora
bhishmarupi ajashra beerok
jogai nutula kiyo?

Bistirna paarore
Axonkhya jonre
Hahakar xuniu
Nixobde nirobe
Burha luit tumi
Burha luit buwa kiyo?

Assamese songs lyrics (Buku hom hom kore)

Singer : Dr. Bhupen Hazarika
Film : Maniram Dewan
Director : Sarbeshwar Chakraborty
Music Director : Dr. Bhupen Hazarika
Lyricist : Dr. Bhupen Hazarika
Year of Release : 1963

Buku ham ham kare(hom hom kore) mur aai...
Kune nidra hare mur aai...
Putra hoi moi ki mote taru..
Aai ture hoi moi moru!

Buku ham ham kare mur aai...

Dexore sandrama kaal endhaare awore..
Agoni kaalike dehor rondhre rondhre sore...

Buku ham ham kare mur aai...

Bajra Xamadriho aai...
Soupahore garh...
Soupaxore garh bhedi kinsitu naai path..

Jaasim xaantona aai mukti pronbhaatere...
Paatim thaapone..
Aair xunit piahere..

Buku ham ham kare mur aai...
Kune nidra hare mur aai...
Putra hoi moi ki mote taru..
Aai ture hoi moi moru!

Buku ham ham kare mur aai...

Tips for knowing day of a week with the help of Date

At first be patients and read carefully the following

Leap year: A year which is not a century and is divisible by 4 is called a leap year. Also, every 4th century is a leap year. For example, 1856,1952,2008,400,1200,1600 etc.are leap year. A leap year has 366
days

Ordinary Year: A year which is not a leap year is called ordinary year.  For example,  1851,1957,2007,1800,2015 etc. are ordinary years.  An ordinary year has 365 days.

Odd days: The no of day more than the complete weeks in a given period is called odd days.

Calculation of odd days:

One Ordinary year=365days=(52week+1day)
Therefore, 1 Ordinary year has 1 odd day.
One leap year=366 days=(52weeks+2days)
Therefore, 1 leap year has 2 odd days.
One century=100 years=76 ordinary year+24 leap years
                                        =(76×1+24×2) odd days
                                        =124 odd days
                                        =17weeks+5days
                                        =5 odd days

Therefore, number of odd days in 100 years=5

Hence, number of odd days in 200 years=5×2 days=10 days=1
Week+3 days=3 odd days

Number of odd days in 300 years=5×3 days=15 days=2 weeks+1day= 1 odd day.

Number of odd days in 400 years= (5×4+1) days=21 days=0 odd day.

Similarly, each of the centuries 800 years, 1200 years, 1600 years, 2000 years, 2800 years etc. has 0 odd days. Thus, every 4th century has 0 odd days.

Relation between odd days and days of a week:
  Odd day’s number         Days of a week
                                          
               0                             Sunday
               1                             Monday
               2                             Tuesday
               3                             Wednesday
               4                             Thursday
               5                             Friday
               6                             Saturday

Example: It was Tuesday on 1st January, 2008. What was the day of the week on 1st January, 2011?

Answer: On 31st December, 2007 it was Monday.

Number of odd days for the year 2008=2(since 2008 is a leap year)

Number of odd days for the year 2009=1 (since 2009 is an ordinary years)

Number of odd days for the year 2010=1 (since 2010 is an ordinary years)

Therefore, number of odd days from year 2008 to the year 2010=(2+1+1)=4 days.

Hence, on 31st December 2010, it was Friday (4 days ahead of Monday, because on 31st December,2007, it was Monday).

Therefore, on 1st January, 2011 it was Saturday.

আজিৰ ভাল খবৰ 28 MAY,2015

১/অহা ৩০ মে'ত ১০ বজাত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষিত হ'ব।

২/অজি টিহুত নৰ্থ-ইস্ট মেগা ফুড পাৰ্ক উদ্বোধন।

৩/নিৰুপমা বৰগোহাঞিলৈ মামণি ৰয়ছম গোস্বামী বঁটা

অসম বুৰঞ্জী

                     অসম বুৰঞ্জী
                      ''''''''''''''''''''

অসম বুৰঞ্জী হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ বুৰঞ্জী আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ বুৰঞ্জী। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল; কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল।

কেইবাটাও সূত্ৰৰপৰা অসমৰ বুৰঞ্জী জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল৷[1] সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল৷ ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল৷

অসম বুৰঞ্জী

                     অসম বুৰঞ্জী
                      ''''''''''''''''''''

অসম বুৰঞ্জী হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ বুৰঞ্জী আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ বুৰঞ্জী। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল; কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল।

কেইবাটাও সূত্ৰৰপৰা অসমৰ বুৰঞ্জী জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল৷[1] সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল৷ ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল৷

আজিৰ বাতৰি

১/বিজেপিৰ প্ৰতি ৰাইজৰ বিদ্ধেষ সৃস্টিৰে
২০১৬-ত ক্ষমতা দখলৰ অংক
    
      কেন্দ্ৰীয় আঁচনিত নিয়োজিত কৰ্মচাৰীৰ দৰমহাত প্ৰতিবন্ধকতা অহা নাই। পূৰ্বৰ নিয়ম মতেই কেন্দ্ৰই কিস্তিত মুকলি কৰি আছে ধন।
টে'ট উত্তীৰ্ণ শিক্ষকৰ কাৰণে প্ৰথম কিস্ত ২৯০কোটি টকা এপ্ৰিল মাহতে মুকলি কৰি দিছে।মধ্যাহ্ণ ভোজনৰ প্ৰথমটো কিস্তি ১১৪.৮৪ কোটি টকাও মুকলি কৰি দিছে কেন্দ্ৰই।

২/চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত মাৰিয়াজ পাব্লিক স্কুলৰ সাফল্য

          এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ।এইবাৰ বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাৰ ৪০ জন, কলা শাখাৰ ৩৫জন আৰু বাণিজ্য শাখাৰ ৪০জনে পৰিক্ষাত অৱতীৰ্ণ হৈছিল। 

৩/ছুইজাৰলেণ্ডে আৰু তিনিজন ভাৰতীয়ৰ নাম প্ৰকাশ কৰিলে
          
           (ক) যশ বিৰলা
           (খ)গূৰজিৎ সিং
           (গ)ৰিতিকা শৰ্মা

৪/ছেনছেক্স ২৭,৫৩১( -১১২.৪৭%)
    নিফটি ৮,৩৩৯  (-৩০.৯০ %)