Tuesday, August 15, 2017

গছে গছে পাতি দিলে

গছে গছে পাতি দিলে

(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই (ৰাম ৰাম)
কলীয়া ভোমোৰা গুঞ্জৰি আহে
গোন্ধকে ধিয়াই (ৰাম ৰাম) ।

কোনে গোলাপী সখীক এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই
ওৰণি তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলেহি বিলাই।

জ্যোতিপ্ৰসাদ আগৰৱালা

No comments:

Post a Comment