Tuesday, August 15, 2017

জিলিকা পাখীৰে -----জ্যোতিপ্ৰসাদ আগৰৱালা

      জিলিকা পাখীৰে

জিলিকা পাখীৰে
              অ' সোণ ম'ৰা চৰাই
ৰঙা সেউজীয়া তৰা ফুটীয়
              তোৰ গোট সাবটে
অ' সোণ ম'ৰা চৰাই !
জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি
             তোৰ মৰমৰতে মৰো
                          অ' সোণ ম'ৰা চৰাই ।

জ্যোতিপ্ৰসাদ আগৰৱালা

ৰূপহ কোঁৱৰৰ চুমা পৰশত

ৰূপহ কোঁৱৰৰ চুমা পৰশতে

ৰূপহ কোঁৱৰৰ চুমা পৰশতে
লাজুকী কুঁৱৰী মৰহি যায়।।
সোণতে সোৱগা আহি সানি দিলে
গোলাপী গালতে ৰঙে চৰাই।।
সপোনৰ সখা আহি দিলে দেখা
দিয়া সখী দিয়া হিয়া বিলাই।।

জ্যোতিপ্ৰসাদ আগৰৱালা

গছে গছে পাতি দিলে

গছে গছে পাতি দিলে

(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই (ৰাম ৰাম)
কলীয়া ভোমোৰা গুঞ্জৰি আহে
গোন্ধকে ধিয়াই (ৰাম ৰাম) ।

কোনে গোলাপী সখীক এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই
ওৰণি তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলেহি বিলাই।

জ্যোতিপ্ৰসাদ আগৰৱালা