Friday, August 7, 2015

সুৰৰে দেউলৰে ৰূপৰে শিকলি

সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ'
পূজাৰী অ', সুন্দৰ পূজাৰী
সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী অ'।।

যাউতি যুগীয়া বৰগীত অমিয়া
বনগীত সুৰীয়া, বনগীত সুৰীয়া
গোৱা অসমীয়া প্ৰাণ-মন ভৰি
পূজাৰী অ',...................................।।

থাপনা থাপিলি প্ৰতিমা বহালি
পূজাও কৰিলি মুক্তি মূৰতি গঢ়ি
অ' পূজাৰী, পূজাৰী অ'
পূজাৰী অ', সুন্দৰ. . . . . . . . . .।।

শঙ্খ বজোৱা, বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি
পূজাৰী অ', সুন্দৰ . . . . . . . .।।

কথা-সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা

Click here to read more

Click the following link to like us on Facebook

Thursday, August 6, 2015

৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান

অসমত কেইবা দশকজুৰি অসমৰ ৬ জনগোষ্ঠীয় বিভিন্ন সংগঠনে কৰি অহা সংগ্ৰামৰ আজি আশাৰ ৰেঙণী দেখা পোৱা গৈছে। অাজি দিল্লীত ভাৰত চৰকাৰ আৰু ৬ জনগোষ্ঠী মাজত হোৱা এখন বৈঠকত ভাৰত চৰকাৰে তেঁওলোকক এইমাহৰ ভিতৰত জনগোষ্ঠীকৰণ কৰাৰ কথা দিয়ে।

আজিৰ বাতৰি 6 August

আজিৰ বাতৰি 6 August

১/লুই বাৰ্জাৰ ভেঁটি গোচৰত গোৱাৰ প্ৰাক্তন মন্ত্ৰী চাৰ্চিল এলিমাও গ্ৰেপ্তাৰ

২/মেগীক সম্পূৰ্ণ নিৰাপদ বুলি কোৱা হোৱা নাইঃFSSAI

৩/মালয়েছিয়াৰ MH-370 বিমানখনৰ অৱশেষ উদ্ধাৰ

৪/কালি কৰায়ত্ত কৰা সন্ত্ৰাসবাদীজনক জেৰা কৰাৰ বাবে NIA-ৰ দল জম্মুত উপস্থিত

৫/ধৰ্মঘটৰ ফলত মণিপুৰত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

৬/অসমত ২জন KPLT উগ্ৰপন্থী গ্ৰেপ্তাৰ

Click here to like us on Facebook

Wednesday, August 5, 2015

আজলী ছোৱালী নানা ফুল তুলি

আজলী ছোৱালী নানা ফুল তুলি
            আনিলো আঁচল ভৰাই।
সজাই   ফুলেৰে  অতি  যতনেৰে
                 বৰালো বৰণ শৰাই

ৰঙিলী পখিলী ৰঙা পাখি মেলি
           আদৰি নাচি নাচি যায়।
কলী কুলি জাকে বিৰিখে বিৰিখে
              উলাহত সুহুৰিয়ায়।।
  
তোমাকে আদৰি আনে ঐ সদৰি
                 শত ভকতৰে দল।
শঙ্খ  বাজিছে  বৰকাঁহ  ধ্বনিছে
     ববববউঠিছে উৰুলিৰ ৰোল।।

কথা সুৰ- বিষ্ণুপ্ৰসাদ ৰাভা

Click here to read more

Click here to like us on Facebook

Tuesday, August 4, 2015

বিলতে হালিছে ধুনিয়া পদুমী

"বিলতে হালিছে ধুনিয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল।।

গছৰে ডালতে গাইছে কুলিয়ে
কু-উ কু-উ কৈ
দূৰ-দূৰণিতে জুৰিটি নাচিছে
ঝিৰ-ঝিৰ-ঝিৰ-ঝিৰকৈ
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰৈ।।

কথা সুৰ - বিষ্ণুপ্ৰসাদ ৰাভা

Click here to read more

Click here to like us on Facebook