Wednesday, August 17, 2016

Assamese Songs Lyrics | Junakore rati | Bhupen Hazarika




 জোনাকৰে ৰাতি অসমীৰে মাটি
জিলিকি জিলিকি পৰে
মলয়াৰ এছাটি দুহাতে সাবটি
ধুনীয়া মালতী সৰে ।।
এইখন দেশ মোৰ তেনেই আপোন
নিতে নিতে আনে
নতুন সপোন
আমাৰ গাঁৱৰ সৰু জুৰিটিত
তৰাই ধেমালি কৰে ।
আশাৰ চাকি জ্বলে দুখীয়াৰ ঘৰে ঘৰে,
তাকে দেখি এন্ধাৰবোৰে
আমাৰ গাঁও এৰে ।
আমাৰ দেশৰ বোৱঁতী সুঁতিক
বাধা দিব কোনে পাৰে ?
আগলতি কলাপাত লৰে-চৰে
মনৰ পখিটি মোৰ উৰে উৰে
কোন চিফুঙৰ সুৰে সুৰে ।
 অ'............অ'............অ' ।

Click Here To Like us on facebook